জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসগৃহত 'ৰং-বিৰং' শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

 07/20/2019 - 15:37

গুৱাহাটীঃ ৰং-তুলিকাৰে শিশু আৰু কিশোৰৰ মাজত জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসগৃহত উদযাপন হ’ব এটি 'ৰং-বিৰং' আবেলি।

অৰ্থাৎ ২১ জুলাই দেওবাৰে বিয়লি ৩ বজাত জুবিন গাৰ্গৰ খাৰঘুলিস্থিত গৃহত 'ৰং-বিৰং' শীৰ্ষক এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

৫ৰ পৰা ১৬ বছৰ বয়সৰ সকলোৱে বিনামূল্যে এই প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব। প্ৰতিযোগীয়ে ইয়াত নিজে মনে বিচৰা বিষয়বস্তৰ ওপৰত ছবি আঁকিব পাৰিব। কোনো বিষয়বস্তু প্ৰতিযোগীসকলৰ বাবে নিৰ্বাচন কৰি দিয়া নহয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।