মাজুলীৰ মুখা শিল্পক জীয়াই ৰখাৰ প্ৰচেষ্টাত কটিনয়ান

 07/20/2019 - 19:00

গুৱাহাটীঃ মাজুলীৰ মুখা শিল্পক জীয়াই ৰখাৰ প্ৰচেষ্টাত কটন বিশ্ববিদ্যালয়ৰ এজাক ছাত্ৰ-ছাত্ৰী। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ১৫জুলাইৰ পৰা অনুষ্ঠিত কৰা হৈছে এখনি মুখা শিল্পৰ কৰ্মশালা।

কৰ্মশালাত খনত অঘাসুৰ, ৰাৱণ, গণেশ, হনুমান ইত্যাদি মুখা প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে।

এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছে মাজুলীৰ চামগুৰি সত্ৰৰ বিশ্ব প্ৰসিদ্ধ মুখা শিল্পী ডঃ হেমচন্দ্ৰ গোস্বামী। ২২জুলাই লৈকে হ'ব লগা এই কৰ্মশালাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু উপাচাৰ্যৰ লগতে কেইবাগৰাকী অধ্যাপক আৰু গৱেষকেও অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।