গুজৰাটত আটক হিৰ'ইনসহ ইৰাণী নাগৰিক

 03/27/2019 - 15:39

ডিজিটেল ডেস্কঃ দেশত নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ থকাৰ সময়তে অন্য এক অপৰাধজনিত বাতৰি পোহৰলৈ আহিছে। বৰ্তমান দেশত বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু এ টি এছৰ এটা দলৰ যৌথ অভিযানত আজি আটক কৰা হয়। ৯জন ইৰাণৰ নাগৰিকক।

তেওঁলোকে এখন নাৱত ১০০কেজি হিৰ’ইন কঢ়িয়াই আনিছিল। জব্দ কৰা হিৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫০০ কোটি টকা। গুজৰাটৰ জাহাজ ঘাটত আটক কৰা হয় এই লোককেইজনক। ইতিমধ্যে বিদেশী কেইজনে ব্যৱহাৰ কৰা নাওঁখন জ্বলাই দি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল।

উল্লেখযোগ্য যে, দেশত নিৰাপত্তা ব্যৱস্থা কটকটীয়া নোহোৱাৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে জনসাধাৰণে। এই ঘটনাই দেশৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্রত প্ৰশ্ন উত্থাপিত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।