'স্পেচ পাৱাৰ' হিচাপে নাম অন্তৰ্ভুক্ত ভাৰতৰ

 03/27/2019 - 17:00

ডিজিটেল ডেস্ক: আজি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। দেশৰ মহাকাশ বিজ্ঞানীসকলৰ এক বৃহৎ সফলতাৰ বিষয়ে উল্লেখ কৰি মোডীয়ে কয় যে, আমেৰিকা,চীন আৰু ৰুছ দেশৰ পিছত মহাকাশৰ মহাশক্তিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে ভাৰতে।

এই সফলতা লাভ কৰা ভাৰত হৈছে বিশ্বৰ চতুৰ্থখন দেশ। ভাৰতে আজি নিজৰ নাম 'স্পেচ পাৱাৰ' ৰুপত লিপিবদ্ধ কৰে ।যিটো নাম আজিলৈকে আমেৰিকা,চীন আৰু ৰুছে লাভ কৰি আহিছিল। ই ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে মোডীয়ে।লগতে তেওঁ উল্লেখ কৰে যে, মিছন শক্তি এক কঠিন অভিযান আছিল।

ভাৰতৰ কক্ষপথৰ পৰা এটা তিনিশ কিলোমিটাৰ এএলঅ' লাইভ ছেটেলাইট A-SAT অস্ত্রৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বিজ্ঞানীসকলে। এই ছেটেলাইটতো ধ্বংস কৰিবলৈ ভাৰতে পূৰ্বৰেপৰা লক্ষ্য নিৰ্ধাৰিত কৰিছিল। অত্যন্ত কঠিন এই মিছন মাত্র তিনি মিনিটৰ ভিতৰতে সফল হৈছে।

ভাৰতৰ ওচৰত বৰ্তমান বহুকেইটা কৃত্রিম উপগ্ৰহ আছে যিসমূহে কৃষি,দুৰ্যোগ প্ৰশমন,যোগাযোগ,বতৰ আদিৰ ক্ষেত্রত বিশেষ অৱদান আগবঢ়াই আছে। আমাৰ এই অভিযানে কোনো চুক্তি উলংঘন কৰা নাই বুলিও মন্তব্য কৰে প্ৰধানমন্ত্রীগৰাকীয়ে।

উল্লেখযোগ্য যে, এক গুৰুত্বপূৰ্ণ বাৰ্তা লৈ দেশবাসীক সম্বোধন কৰাৰ কথা ছ'চিয়েল মিডিয়াযোগে আগতীয়াকৈ প্ৰকাশ কৰিছিল নৰেন্দ্ৰ মোডীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।