নিৰ্বাচন খেলি আৰৱপতি হ'ল ড্ৰীমগাৰ্ল

 03/28/2019 - 14:40

ডিজিটেল ডেস্ক: নিৰ্বাচন খেলি আৰৱপতি হ'ল কোন ? কিমান সম্পত্তিৰ অধিকাৰী ড্ৰীমগাৰ্ল। বলিউডৰ অভিনেত্রী ড্ৰীমগাৰ্ল তথা বিজেপিৰ সাংসদ হেমা মালিনীয়ে মথুৰাৰপৰা মনোনয়ন পত্র দাখিল কৰিছে। মনোনয়ন পত্র দাখিল কৰা বহুকেইখন ফটো অভিনেত্রীগৰাকীয়ে নিজৰ ইষ্টগ্ৰামত পোষ্ট কৰিছে।

হেমা মালিনীয়ে ২০১৪ত ৰাজনীতিত যোগদান কৰিছিল। বহুজনৰ হৃদয়ৰ স্পন্দন হেমা মালিনী পিছে আৰৱপতি।বুধবাৰে অভিনেত্রীগৰাকীয়ে দাখিল কৰা মনোনয়ন পত্রত এই কথা প্ৰকাশ পায়। মনোনয়ন দাখিলৰ পূৰ্বে সাংসদগৰাকীয়ে মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ সৈতে বৃন্দাবনস্থিত বাঙ্কেবিহাৰী মন্দিৰত পূজা অৰ্চনা কৰে।

মনোনয়ন পত্রত প্ৰকাশ পোৱা মতে,যোৱা পাঁচবছৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৪ কোটি ৪৬ লাখ । আনহাতে তেওঁৰ স্বামী ধৰ্মেন্দ্ৰ সিং দেউলৰ সম্পত্তি ১২ কোটি ৩০ লাখ টকা বুলি পত্রত উল্লেখ কৰা হয়। অৱশ্যেএইয়া তেওঁ  দাখিল কৰা তথ্যহে, দাখিল নকৰাখিনি বা কিমান বুলিও প্ৰশ্ন উত্থাপন কৰিছে জনসাধাৰণে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।