বিধ্বস্তপ্ৰায় গৃহতে জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ শিক্ষাৰ্থীৰ

 08/03/2019 - 19:30

বেবেজীয়াঃ এটা বিধ্বস্তপ্ৰায় গৃহতে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে কণ কণ শিক্ষাৰ্থীয়ে। নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অধীনৰ টকৌবাৰী ভকতগাঁও প্ৰাথমিক বিদ্যালয়খনে উদঙাইছে চৰকাৰী শিক্ষাখণ্ডৰ ফোপোলা স্বৰূপ। ১৯৯২ চনতে স্থাপিত এই বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশীকৰণ হ'ল যদিও আজিলৈকে নিৰ্মাণ নহ'ল স্থায়ী গৃহ। যাৰ বাবে এজাক সামান্য বৰষুণতেই বন্ধ হৈ পৰে বিদ্যালয়খনৰ পাঠদান।

বিধ্বস্ত এটা কোঠাতেই চলে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান। নাই প্ৰস্ৰাৱগাৰ কিম্বা অন্যান্য ব্যৱস্থা। আনকি পথৰ সু-ব্যৱস্থা নথকাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মৰণত শৰণ দি আহিব লগা হয় বিদ্যালয়লৈ। টকৌবাৰী ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ পুতৌজনক অৱস্থাৰ বিষয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন জনাইছে যদিও এতিয়ালৈকে লাভ কৰা নাই কোনো ইতিবাচক সঁহাৰি। প্ৰশ্ন হয়, এনে এক বিপদসংকুল পৰিৱেশৰ মাজেৰে আৰু কিমানদিনলৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব লাগিব জীৱনৰ আদিপাঠ? চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ সু-দৃষ্টি পৰিবনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।