বৰপথাৰত বিধ্বস্ত পথঃ ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

 08/03/2019 - 19:36

সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰ টেঙানীৰ এটা গুৰুত্বপূৰ্ণ পথ। পথ নহয় যেন কঠীয়া ৰুবৰ বাবে কৃষকে হাল বাই সৃষ্টি কৰা শাওনৰ বোকাময় পথাৰহে। টেঙানী গাঁও পঞ্চায়তৰ অন্তর্গত ঔগুৰি আলিচিঙা পাৰঘাটৰ পৰা ২নং বৰহোলাহৈ বৰপথাৰ সংযোগী এই পথটোৱে জলাকলা খুৱাইছে পথাচাৰীক। পথটোৱেদি বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে ভৰিৰ ছেণ্ডেল হাতত লৈ শিক্ষা গ্রহণ কৰিবলৈ যাব লগা হয়। বজাৰ-সমাৰৰ উপৰি বিভিন্ন কামত বৰপথাৰ-সৰুপথাৰলৈ যায় এই পথটোৱেদি অঞ্চলটোৰ ৰাইজ। চিকিৎসাৰ বাবেও অঞ্চলটোৰ জনসাধাৰণে বোকাময় পথটোৰেই বৰপথাৰ অথবা সৰুপথাৰলৈ যাব লাগে।

পৰিতাপৰ কথা পথটোৰ এনে দুৰৱস্থাৰ বাবে উক্ত অঞ্চলটোলৈ নাহে ১০৮ এম্বুলেন্স। উক্ত পথেৰে গাড়ী চলাচল কৰিব নোৱাৰাৰ বাবে অঞ্চলটোৰ চাহ খেতিয়কসকলেও নিজৰ বাগানত উৎপাদিত কেঁচা চাহপাত দিয়াতো অসুবিধাৰ সন্মুখীন হোৱাই নহয় জ্বলিও গৈছে কেঁচা চাহপাত। মুঠৰ ওপৰত চৰকাৰৰ পৰিৱর্তন হ'ল যদিও বাট-পথৰ কোনো পৰিৱর্তন নহ’ল। আজিলৈকে কোনো এখন চৰকাৰে ৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা যাতায়াতৰ উপযোগীকৈ নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰিলে। যাৰ বাবে পথটো যাতায়াতৰ উপযোগী কৰি নিৰ্মাণ কৰাৰ দাবীত ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল অঞ্চলটোৰ ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।