ভেজাল খাদ্যৰ বিৰুদ্ধে দুই সংগঠনৰ সংবাদমেল নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত

 08/03/2019 - 19:41

লখিমপুৰঃ আজি কিছু বছৰৰ পৰা লখিমপুৰত ভেজাল খাদ্য সামগ্ৰীৰ বেহা অব্যাহত আছে যদিও নিৰ্বিকাৰ খাদ্য সুৰক্ষা বিভাগ। ভেজাল খাদ্যৰ বিৰুদ্ধে লখিমপুৰ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু লখিমপুৰ জিলা হিন্দু যুৱ পৰিষদে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আযোজন কৰে এক সংবাদমেল।

লখিমপুৰত ভেজাল খাদ্য সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়ৰ তথ্য উদঙালে লখিমপুৰ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু হিন্দু যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে এই সংবাদমেলৰ জৰিয়তে। অনাগত দিনত ভেজাল খাদ্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি মত প্ৰকাশ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু হিন্দু যুৱ পৰিষদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।