গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰঃ এমাহৰ ব্যৱধানতেই ১২ জন ৰোগীৰ মৃত্যু

 08/03/2019 - 19:50

গোৱালপাৰাঃ আকণ্ঠ দুৰ্নীতিত নিমজ্জিত গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসৰ অকৰ্মন্যতাৰ ফলত জিলাখনৰ সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে। জিলাখনত বিগত প্ৰায় এমাহৰ পৰা জাপানীজ এনকেফেলাইটিছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।বিগত প্ৰায় এটা মাহৰ ব্যৱধানতেই এই ৰোগত আক্ৰান্ত হৈ জিলাখনত ১২ জনকৈ ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। এই মৃত্যুৰ সংখ্যা কিমানত গৈ থমকিব স্বাস্থ্য বিভাগৰ হাতত তাৰ কোনো উত্তৰ নাই। কাৰণ আপাদমস্তক দুৰ্নীতিত পোত গৈ থকা জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীলমাধৱ দাসৰ চৰম অকৰ্মন্যতাৰ বাবে সমগ্ৰ স্বাস্থ্য বিভাগটোৱেই জিলাখনত কাৰ্যতঃ বিকল হৈ পৰিছে।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সমীপৱৰ্তী জিলা হিচাপে গোৱালপাৰা জিলাখন সদায় মেলেৰীয়া আৰু অন্যান্য জ্বৰৰ বাবে বিপদাপন্ন হৈ থাকে। বিশেষকৈ বছৰটোৰ জুন, জুলাই আৰু আগষ্ট মাহত জিলাখনত জ্বৰৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পায়। জিলাখনত মেলেৰীয়া, ডেংগু, এ ই এছ আদিৰ লগতে জাপানীজ এনকেফেলাইটিছৰো প্ৰাদুৰ্ভাৱ হয়। যাৰ বাবে ইয়াক মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে আগতীয়াকৈ সাজু হৈ থাকে। কিন্তু সীমাহীন দুৰ্নীতি আৰু লুণ্ঠনত ডুব গৈ থকা জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীল মাধৱ দাসে ৰাইজৰ কথা ভাবিৱৰ আহৰিয়েই নাপালে।

ইয়াৰ সমান্তৰালকৈ বিষয়াগৰাকীৰ প্ৰশাসনীয় অদক্ষতা আৰু তলতীয়া কৰ্মচাৰীক কৰা দুৰ্ব্যৱহাৰৰ ফলত জিলাখনৰ সমগ্ৰ স্বাস্থ্য বিভাগটোৱেই চৰম বিশৃংখল হৈ পৰিছে। এনে অৱস্থাতেই জিলাখনত জাপানীজ এনকেফেলাইটিছে দেখা দিয়াত স্বাস্থ্য বিভাগটো ফোপোলা স্বৰূপ ওলাই পৰে। এজনৰ পিছত সিজনকৈ ৰোগী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পূৰ্ব প্ৰস্তুতি নথকাৰ ফলত স্বাস্থ্য বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিবলগীয়া হয়।

আজিৰ তাৰিখলৈকে জিলাখনত ১২ জনকৈ লোকে জাপানীজ এনকেফেলাইটিছত মৃত্যুমুখত পৰিছে। ইয়াৰ ভিতৰত ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কৌশল্য ৰাভা(৫০), মহিলা বেগম(৩৭), বিনয় কলিতা(৫০) আৰু প্ৰবীন বসুমতাৰী(৬১), আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সাহাজুল ইছলাম(২), মনোৱাৰা বেগম(৪০) আৰু জীতেন দাস(৫৩), মৰনৈ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শ্ৰীকান্ত ৰাভা(৮৮), মনিশা বেগম(৬) আৰু মালতী কলিতা(৭৬), মাটিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হাসমত আলী(৫৪) আৰু লক্ষীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ছুলতানা পাৰবীন(৭) জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

উল্লেখ্য যে জিলাখনত এতিয়ালৈকে ৩২ জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে। একেদৰে এ ই এছ জ্বৰৰ ফলতো জিলাখনত ৬ জনকৈ লোকে মৃত্যুবৰণ কৰিছে। উল্লেখ্য যে জিলাখনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেদক নিদিয়াৰ লগতে স্বাস্থ্যকৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰস্তুত কৰা হোৱা নাছিল। তদুপৰি ফগিঙৰ বাবে জিলাখনলৈ পঠিওৱা ধন লুণ্ঠনৰ চলোৱাৰ সুবিধা নোপোৱাৰ বাবে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে উভতাই পঠিওৱা বুলি এক বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্য শেহতীয়াকৈ জিলাখনৰ আশাকৰ্মী, এম পি ডব্লিউ, এছ ডব্লিউ আদি কৰ্মচাৰীসকলে মানুহৰ ঘৰে ঘৰে গৈ দিনে-নিশাই তেজৰ নমুনা পৰীক্ষা-সংগ্ৰহ কৰি আছে।

অৱশ্যে তেওঁলোকৰ হাতত জাপানীজ এনকেফেলাইটিছৰ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই। স্মৰ্তব্য যে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীল মাধৱ দাসৰ পৰ্বতসম দুৰ্নীতি আৰু প্ৰশাসনীয় অদক্ষতাৰ বাতৰি সংবাদ মাধ্যমত তথ্য সহকাৰে ধাৰাবাহিকভাৱে ফাদিল হৈছিল।কিন্তু চৰকাৰ তথা স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ আমোলাই অজ্ঞাত কাৰণত দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে দুৰ্নীতিৰ অভিযোগত কেইমাহমান পূৰ্বে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীল মাধৱক চিৰাঙলৈ বদলি কৰিছিল যদিও অজ্ঞাত কাৰণত তেওঁৰ বদলিৰ নিৰ্দেশ স্থগিত হয়।

বদলিৰ নিৰ্দেশ স্থগিত কৰোৱাৰ নামত গুৱাহাটীত বাহৰ পাতি বিষয়াগৰাকীয়ে বক্ৰপথেৰে উপাৰ্জন কৰাৰ ধনৰ বন্যা বোৱাই দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল। এনে অৱস্থাতে যোৱা জুন মাহত পুনৰ জিলাখনৰ একাংশ ৰাইজে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে অলপতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তথ্য সম্বলিত এখন লিখিত অভিযোগ দাখিল কৰে। সেইমৰ্মে মন্ত্ৰীগৰাকীয়ে যোৱা ২৪ জুনতেই ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ(এ) বিভাগৰ আয়ুক্ত ও সচিবলৈ এম/এইচ এণ্ড এফ ডব্লিউ/৩/২০১৯/১৭৫ নম্বৰৰ এক পত্ৰ প্ৰেৰণ কৰি উপযুক্ত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

ডাঃ নীল মাধৱ দাসে একেৰাহে প্ৰায় ৩৩ বছৰে গৃহ জিলা গোৱালপাৰাত কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো তেওঁৰ বদলি নোহোৱা বুলি পত্ৰখনত উল্লেখ আছে। তদুপৰি তেওঁ সাধাৰণ শ্ৰেণীৰ হোৱাৰ পিছতো এছ চিৰ কোটাত বক্ৰপথেৰে যুটীয়া সঞ্চালক হিচাপে পদোন্নতি লাভ কৰা বুলিও এক চাঞ্চল্যকৰ অভিযোগ পত্ৰখনত উল্লেখ আছে। একেদৰে তেওঁ সাধাৰণ এম বি বি এছ যদিও তেওঁ নিজকে শিশুৰোগ বিশেষজ্ঞ হিচাপে প্ৰচাৰ কৰা বুলি উল্লেখ কৰা হৈছে। আনহাতে তেওঁ পশুপতি মেডিকেল হলত প্ৰাইভেট প্ৰেকটিচ কৰি থকাৰ পিছতো মাহে মাহে দৰমহাৰ লগত এন পি এ আদায় লোৱা বুলিও পত্ৰখনত উল্লেখ আছে।

লক্ষনীয় যে তেওঁ সপৰিয়ালে চৰকাৰী আৱাসত থকাৰ পিছতো তেওঁৰ লগতে শিক্ষয়িত্ৰী পত্নীয়েও ঘৰ ভাৰা আদায় কৰা বুলিও মন্ত্ৰীৰ পত্ৰখনত উল্লেখ আছে। এনেবোৰ গুৰুতৰ অভিযোগৰ তথ্য সন্নিবিষ্ট কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ প্ৰায় ডেৰ মাহ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে তদন্তৰ প্ৰক্ৰিয়া স্তিমিত হৈ থকাৰ ৰহস্য ৰাইজে বুজিব পৰা নাই। গুৱাহাটীৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা স্বাস্থ্য বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন শীৰ্ষ বিষয়াই মোটা অংকৰ ধনৰ বিনিময়ত তদন্ত প্ৰক্ৰিয়া স্তিমিত কৰি মন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুওৱা বুলি অভিযোগ উত্থাপিত হৈছে। এনে অৱস্থাত জিলাখনত আৰু কিমান সংখ্যক লোকৰ মৃত্যু হোৱাৰ পিছত অকৰ্মন্য আৰু দুৰ্নীতি পৰায়ন যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগ কিম্বা সৰ্বানন্দ সোণোৱাল চৰকাৰে তাৰ কোনো সদুত্তৰ জিলাবাসী ৰাইজে বিচাৰি পোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।