গুৱাহাটী আই আই টিত পথ সুৰক্ষা সজাগতা সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

 08/03/2019 - 19:56

উত্তৰ গুৱাহাটীঃ কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত শিক্ষানুষ্ঠানসমূহৰ প্ৰধানসকলৰ মাজত পথ সুৰক্ষাৰ সজাগতা কৰ্মশালা এখনি আই আই টি গুৱাহাটীৰ কনফাৰেঞ্চ হলত অনুষ্ঠিত হয়। কামৰূপ পৰিবহণ বিভাগৰ এইবেলিৰ শ্ল’গান "পথ সুৰক্ষা মাথোন এটি শ্ল'গান নহয়, ই এক জীৱন ধাৰা"। পৰিবহণ বিভাগ অসমৰ, কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে আয়োজন কৰা কৰ্মশালাখনি দিনৰ ১১ বজাৰ পৰা কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ উপস্থিতত আৰম্ভ হয়।

সভাৰ আদৰণি ভাষণ পাঠ কৰে কামৰূপ জিলা পৰিবহন বিষয়া তথা কামৰূপ জিলাৰ পথ পৰিবহণ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে।গৌতম দাসে তেওঁৰ বক্তব্যত প্ৰথমেই কামৰূপ জিলাত উশৃংখলতা আৰু সজগতাৰ অভাৱত এই বছৰৰ প্ৰথম তিনিমাহতেই দুৰ্ঘটনাত প্ৰায় ৬৬ জন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা বিষয়টো অতি চিন্তনীয় বুলি কয়। তেওঁ পথ সুৰক্ষা সজাগতাৰ দিশবোৰ খুটিনাটিৰ লগতে শিক্ষা গুৰুসকলক সজগতা আৰু সমাজখন শৃংখলাবদ্ধ কৰি দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে আজিৰ সভাৰ মুখ্য অতিথি অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বক্তব্যত নৱ প্ৰজন্মৰ পথ সুৰক্ষাৰ শিশু সমাজে বিষয় ভূমিকা পালন কৰি পাৰে বুলি কয়।

বৰ্তমান শিক্ষাৰ্থীসকলৰ মাজত পথ সুৰক্ষাৰ সজাগতা বৃদ্ধি পোৱাৰ কথা কবলৈ গৈ আত্মসমালোচনা কৰিবলৈ নাপাহৰিলে। চিটবেল্ট ব্যৱহাৰ নকৰা বাবে গাড়ীৰ আগৰ আসনত বহিবলৈ নিদিছিল নিজ সন্তানে। তেতিয়া পৰাই পথ সুৰক্ষা সজাগতাৰ কথা বাৰুকৈয়ে উপলব্ধি কৰিছিল। মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ বাবে স্কুলীয়া পাঠ্যক্ৰমত পথ সুৰক্ষা দিশৰ অন্তৰ্গত কৰাৰ কথা দোহাৰে। কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা সময় উপযোগী পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

লগতে বিষয়ী গৰকীৰ সৎ প্ৰচেষ্টা সকলোৰে অনুকৰণীয় বুলি কয়। পথৰ সুৰক্ষাৰ কথাৰ মাজতে মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সকলোকে নিজৰ জন্মদিন একোটি গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। আজিৰ সভাত পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টাল, কামৰূপ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত, কামৰূপ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, গুৱাহাটী আই আই টিৰ অধ্যাপক ৰঞ্জন চৌধুৰী আৰু কামৰূপ জিলা এনফৰ্চমেণ্ট বিষয়া বিক্ৰমাদিত্য গগৈ প্ৰমূখ্যে আন বহুকেইজ জিলা প্ৰশাসনৰ বিষয়াই ভাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।