৬ বছৰৰ পাছতো মুকলি নহ'ল দলগাঁৱৰ আই টি আই

 08/03/2019 - 20:02

দলগাঁওঃ কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল দলগাঁৱৰ আই টি আই। ৬ বছৰ পাৰ হ’ল যদিও আজিলৈ মুকলি নহ'ল দলগাঁৱৰ আই টি আইখন। কাৰিকৰী দিশত দৰং জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে কংগ্ৰেছ চৰকাৰে ২০১৪ চনৰ ১৮ ফেব্ৰুৱাৰীত তদানীন্তন চৰকাৰখনৰ অসামৰিক যোগান আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী নজৰুল ইছলামে দলগাঁৱত আধাৰশিলা স্থাপন কৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আইখন কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল যদিও আজিলৈ সি মুকলি নহ'ল। বৰ্তমান প্ৰশিক্ষণ প্ৰতিষ্ঠানটো গৰুৰ গোহালিত পৰিণত হৈছে। চৌহদটোত দম দম গোৱৰ।

মনকৰিবলগীয়া যে নিৰ্মিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি ভবা হৈছিল যদিও কংগ্ৰেছ চৰকাৰে কোনো বিষয়া কৰ্মচাৰী নিয়োগ নকৰি নিৰাশ কৰাৰ অভিযোগ তুলিছে দৰংবাসীয়ে। ইপিনে জিলাখনৰ নিৰাশ ছাত্ৰ-ছাত্ৰীসকলে উপায়ন্তৰ হৈ অধ্যয়নৰ বাবে অইন জিলালৈ যাবলগীয়া হোৱা ঘটনাই স্থানীয় দল-সংগঠনে কংগ্ৰেছ চৰকাৰক গৰিহণা দিয়াৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে ৰাইজে প্ৰতিষ্ঠানটো কাৰ্যকৰী কৰি তুলিবলৈ বৰ্তমানৰ বিজেপি চৰকাৰক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।