বিলাসীপাৰাত পথ দুৰ্ঘটনাঃ নিহত ২, আহত কেইবাজনো

 08/03/2019 - 20:15

বিলাসীপাৰাঃ ধুবুৰী-বিলাসীপাৰাৰ মাছপাৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। 407 মালবাহী ট্ৰাক, বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ২ জন আৰু গুৰুতৰভাবে আহত হয় কেইবাজনো। আহতকেইজনক বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে 407 ট্ৰাকৰ উদ্দেশ্যে গুলিচালনা কৰাৰ ফলত সংগঠিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটো। 407 ট্ৰাকৰ নম্বৰ As 01 JC 8486, বাইকখনৰ নম্বৰ As 19 B 1162 আৰু ট্ৰাকখনৰ নম্বৰ AS 16C 1621৷ ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, SDRF বাহিনীৰ উপস্থিতিত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখে। উত্তেজিত জনতাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।