ভাউৰাভিঠাত কাঠফলা মিল উৎখাতঃ জব্দ ৩ লাখ টকাৰ চোৰাং কাঠ

 08/03/2019 - 20:20

ছয়গাঁওঃ পশ্চিম কামৰূপ বন সংমন্দলৰ অন্তৰ্গত নগৰবেৰা নদী সুৰক্ষা বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এই সংক্ৰান্তত বন বিভাগে সংখ্যালঘু এলেকাটোত বহুবাৰ অভিযানো চলাইছিল। পিছে আজি আবেলি হঠাতে বন সংমণ্ডল বিষয়া ৰঞ্জন গোস্বামীয়ে গৰৈমাৰীৰ দিশে অভিযান চলাবলৈ ৰাওনা হয়। যি কথা পূৰ্বে জ্ঞাত নাছিল বনকৰ্মীসকলে। গৰৈমাৰী অঞ্চলৰ ভাউৰাভিঠা এলেকাত দীৰ্ঘদিন ধৰি অবৈধভাৱে এটা মিলত মূল্যবান গছ কটাৰ খবৰ লাভ কৰিছিল বন বিষয়াগৰাকীয়ে।

সেই সূত্ৰে আজি বন বিষয়া ৰঞ্জন গোস্বামীয়ে সংমণ্ডলটোৰ কুলচী, লোহাৰঘাট, বামুণীগাঁও, কুকুৰমাৰা বন ডিপো, শিংৰা, বন সুৰক্ষা বাহিণী, গৰৈমাৰী চক্ৰ বিষয়া, ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষী সহিতে বন বিভাগৰ শতাধিক বনকৰ্মীৰ সহযোগত উৎখাত কৰিবলৈ সক্ষম হয় চোৰাং কাঠ কটা মিলটো। অৱশ্যে চতুৰ মিলৰ মালিকে বন বিভাগৰ মানুহ যোৱাৰ পূৰ্বে উক্ত স্থানৰ পৰা পলায়ন কৰে। অভিযান কালত প্ৰায় ৩ লাখ টকাৰ মূল্যবান চোৰাং শাল, চেগুণ গছৰ কুন্দা সহিতে বহুতো ফলা কাঠ আৰু ঘোঁৰাৰ গাড়ী ধৰিবলৈ সক্ষম হয় বন বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।