ঢাকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড

 03/29/2019 - 13:44

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ঢাকাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ এই বিধ্বংসী অগ্নিকাণ্ডত কুৰিৰো অধিক জন ব্যক্তি নিহত হয় আৰু আহতৰ সংখ্যা প্ৰায় ৭০জন৷ নিহত লোকসকলৰ ভিতৰত শ্ৰীলংকাৰ নাগৰিকো আছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, ঢাকাৰ বনানী অঞ্চলত এটা ২২ মহলীয়া অট্টালিকাত জুইৰ সূত্ৰপাত হয়৷ লাহে লাহে জুইৰ লেলিহান শিখাই আৱৰি ধৰে অট্টালিকাটো৷ অট্টালিকাটোৰ ভিতৰত বহুত লোক আৱদ্ধ হৈ আছিল, তাৰে কিছু সংখ্যকলোকে প্ৰাণৰ মমতাত আত্মৰক্ষাৰ বাবে তললৈ জঁপিয়াই মৃত্যু বৰণ কৰে৷ পিছত ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে ।

উল্লেখযোগ্য যে, ২০১২ চনতো ঢাকাত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল৷ সেই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল ১১২জন লোকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।