বৰপেটাত সৃষ্টি ফাউণ্ডেচনৰ উদ্যোগত ক’চিং চেণ্টাৰ মুকলি

 08/04/2019 - 17:36

পূৱ-বৰপেটাঃ সৃষ্টি ফাউণ্ডেচনৰ উদ্যোগত আজি বৰপেটা জিলাৰ চেঙা মুছলমান পাৰা গাঁৱত Success Coaching Center এটি শুভাৰম্ভ কৰে৷ উক্ত coaching center টো শুভাৰম্ভ কৰে ২৪ নংচেঙা মুছলমান পাৰা গাঁও পঞ্চায়তৰ সভাপতি মিজানুৰ ৰহমানে৷ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰাৰ পাছত অভিভাৱক, স্থানীয় শিক্ষক তথা স্থানীয় ৰাইজৰ উপস্থিতিত হামেদ আলীৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত হয়৷

উক্ত সভাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক গঠনমূলক আলোচনা কৰা হয়৷ স্থানীয় ৰাইজ তথা অভিভাৱকসকলে উক্ত Success Coaching Center টোৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি মতামত দাঙি ধৰে৷ লগতে Success Coaching Center টোৰ কৰ্মকৰ্তাসকলৰ এই মহান কৰ্মৰাজিক গঠনমূলক ব্যাখ্যাৰে উৎসাহিত কৰাৰ লগতে Center টোৰ দীৰ্ঘায়ু কামনা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।