শিশু শিক্ষা সমিতিৰ প্ৰান্ত শাৰীৰিক বৰ্গ সম্পন্ন

 08/04/2019 - 20:12

উত্তৰ গুৱাহাটীঃ চন্দ্ৰপুৰ, হাজোংবৰীৰ বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্পত যোৱা ২৮ জুলাইৰ পৰা চলি থকা শিশু শিক্ষা সমিতিৰ প্ৰান্ত শাৰীৰিক বৰ্গৰ সামৰণি পৰে। এই কথা শিশু শিক্ষা সমিতিৰ প্ৰান্ত প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই এক প্ৰেছ বিজ্ঞাপ্তি যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে। এই শাৰীৰিক প্ৰশিক্ষণ বৰ্গত শিশু শিক্ষা সমিতিৰ অন্তৰ্গত অসমৰ বিভিন্ন ঠাইত থকা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ২৪ গৰাকী শাৰীৰিক বিষয়ৰ আচাৰ্য-আচাৰ্যাই অংশ গ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে। শিশু শিক্ষা সমিতিৰ সভাপতি নিৰ্মল কুমাৰ বৰুৱা, সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমাৰ আৰু বশিষ্ঠৰাম ডেকাই সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰশিক্ষণত লাভ কৰা শিক্ষাবোৰ কাৰ্যক্ষেত্ৰত আচাৰ্য-আচাৰ্যাসকলক সঠিকভাৱে প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।