এপষেকৰ ভিতৰত গুৱাহাটীত চলিব ৰ' ৰ' জাহাজ

 08/04/2019 - 20:20

উত্তৰ গুৱাহাটীঃ এপষেকৰ ভিতৰত গুৱাহাটীত চলিব ৰ'ৰ' জাহাজ। বৰলুইতৰ দাঁতি বাম হোৱা বাবেহে চলাব পৰা নাই  ৰ’ ৰ’ জাহাজ। বামত খুন্দা খাই বেয়া হৈছে গুৱাহাটীকে ধৰি মাজুলিৰ আন তিনি ৰ' ৰ' জাহাজ। কলিকতাত নিয়া হৈছিল মেৰামতিৰ বাবে। তদুপৰি  জাৰ্মেনীৰ পৰা  পাৰ্টচ আনিব লগা হোৱা বাবে পলম হৈছিল। শনিবাৰে কামৰূপ পৰিবহণ পৰিচালনা সমিতিয়ে গুৱাহাটী আই আই টিৰ কমিউনিটি হলত  আয়োজন কৰা পথ সুৰক্ষা সপ্তাহত অংশগ্ৰহণ কৰি সাংবাদিকৰ সতে মত বিনিময়ত এনেদৰে কয় পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

কথা প্ৰসংগত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে গুৱাহাটীত চলা জাহাজৰ অধিক সংখ্যক জাহাজেই পুৰণি বাবে প্ৰায়ে নদীৰ মাজত বেয়া হয়। আই আই টিৰ পৰাই জল পৰিবহণ যাত্ৰীক মন্ত্ৰীগৰাকীয়ে দিলে আন এক সুখবৰ। ডেৰ কোটি ব্যয় সাপেক্ষ জে টি তথা স্থায়ী পাৰঘাট হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীত। ইতিমধ্যেই জে টিৰ ধন মোকলাই দিয়া বুলি কয় মন্ত্ৰীগৰাকীয়ে। উত্তৰ গুৱাহাটী দলঙৰ স্থান নিৰ্ণয় নোহোৱা বাবে আৰম্ভ হোৱা নাই জে টিৰ কাম।

যোৰহাট আৰু ধুবুৰীতো হ'ব অত্যাধুনিক  তথা স্থায়ী পাৰঘাট। ৰাজ্যৰ গড়কাপ্টানি বিভাগক নিবিদা আহ্বানৰ বাবে কোৱা হৈছে। তদুপৰি বৰলুইতৰ পাৰৰ বাম বালিচৰ খন্দাৰ বাবে অনা হ’ব একোখনকৈ ড্ৰেজাৰ। ড্ৰেজাৰৰ দ্বাৰা বালি খান্দি যাতায়াত সুচল কৰা হ’ব। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে পথত সংলগ্ন হ’ব চিচি কেমেৰা। পথৰ গতি মন্থৰৰ বাবে গাড়ীত সংলগ্ন হ’ব স্পীড গভৰ্ণৰ আৰু পথৰ দাঁতিত ৰৈ থকা বাহনৰ পৰা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰিফ্লেক্টৰ লেট্ৰো ব্যবহাৰ কৰা হ’ব।

আই আই টি গুৱাহাটীত পৰিবহণৰ এনে বহু বতৰা দিলে পৰিবহণ মন্ত্ৰীগৰাকীয়ে। অখিল গগৈৰ টোলগেট বন্ধৰ বিৰোধিতা কৰা প্ৰসংগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় অখিলৰ আন্দোলনৰ বাবে সাত হাজাৰ কোটিৰ নদীবান্ধ প্ৰকল্প চব্বিশ হাজাৰ কোটি পালে।প্ৰকল্প সম্পন্নৰ বাবে খৰচ হ'ব ছয়ত্ৰিশ হাজাৰ কোটি। বিদ্যুৎ উৎপাদনৰ খৰচ পৰিব পোন্ধৰ টকা, অখিলৰ আন্দোলনৰ বাবে উন্নয়ন স্থবিৰ হৈছে। অখিল গগৈৰ কথা মোক নক’ব, অখিল গগৈৰ প্ৰশ্ন সুধি সাংবাদিকসকলে তেওঁলোকৰ বহুমূলীয়া সময় নষ্ট কৰে কিয় বুলিও প্ৰশ্ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।