৩১ মাৰ্চ দেওবাৰে খোলা থাকিব বেংকসমূহ

 03/29/2019 - 14:46

ডিজিটেল ডেস্ক: অহা ৩১ মাৰ্চ দেওবাৰে চৰকাৰী লেনদেনৰ বাবে খোলা থাকিব বেংকসমূহ। এই নিৰ্দেশনা জাৰি কৰিছে আৰ বি আয়ে। আৰ বি আয়ে জাৰি কৰা এক বিবৃতি মতে, বিত্তীয় বৰ্ষৰ অন্তিমটো দিন ৩১ মাৰ্চ হোৱা বাবে সেই দিনটোত সকলো বেংক প্ৰতিষ্ঠান খোলা ৰাখিব লাগিব।

ইয়াৰ উপৰি,বেংকসমূহৰ লগতে খোলা থাকিব বেতন আৰু গাণনিক বিষয়াৰ কাৰ্যালয়। সকলো বৈদ্যুতিন লেনদেন বিশেষকৈ আৰ টি জি এছ আৰু এন ই এফ টি লেনদেনৰ সময়সীমা ৩১ মাৰ্চলৈ বঢ়াই দিয়া হৈছে।

উল্লেখ্য যে,৩১ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ বেংকসমূহ খোলা থাকিব বুলি আৰ বি আয়ে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।