কানহায়া কুমাৰলৈ অভূতপূৰ্ব সঁহাৰি দেশবাসীৰ

 03/29/2019 - 20:22

ডিজিটেল ডেস্কঃ পূৰ্বৰ জে এন ইউৰ অধ্যক্ষ তথা বৰ্তমানৰ চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কানহায়া কুমাৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা কানহায়া কুমাৰে নিৰ্বাচন খেলিবৰ বাবে ধনৰ অভাৱ হোৱা হেতুকে আৰ্থিক সাহাৰ্য বিচাৰি অনুৰোধ কৰিছিল সাধাৰণ জনতাক৷

এই অনুৰোধৰ পাছতে কানহায়া কুমাৰে এঘণ্টাত ২ লাখ টকাৰ সাহাৰ্য লাভ কৰিছিল৷ বৰ্তমান এই আৰ্থিক সাহাৰ্য প্ৰায় ৬০ লাখ হৈছেগৈ৷ কানহায়াই মুকলি কৰা এটা ৱেবচাইটৰ জৰিয়তে সাহাৰ্য বিচাৰি অনুৰোধ কৰাৰ লগে লগেই দেশৰ সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনকে ধৰি বিভিন্নজনে অভূতপূৰ্ব সঁহাৰি আগবঢ়ায়৷

তদুপৰি একাংশ বলীউডৰ চেলিব্ৰেটিৰ লগতে দেশৰ বিশিষ্ট ব্যক্তিয়ে কানহায়া কুমাৰৰ হৈ প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে৷ সংবিধান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা কানহায়া কুমাৰৰ বিজয়লৈ দেশবাসীৰ আশিস আৰু শুভেচ্ছা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।