শ্ৰীৰামপুৰত অপহৰণ কাণ্ডঃ অপহৃতসহ অপহৰণকাৰীক আটক আৰক্ষীৰ

 08/07/2019 - 18:25

শ্ৰীৰামপুৰঃ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শিমুলটাপুস্থিত এইচ পি পেট্ৰ'ল পাম্পৰ সমীপৰ পৰা এন এল ০১এল-৬৭৪১ নম্বৰৰ এখন দহ চকীয়া কণ্টেনাৰ ট্ৰাক পৰিত্যক্ত অবস্থাত গোসাঁইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে। পাছত শিমুলটাপু আৰু গোসাঁইগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যোৱা নিশা শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত দামৰাপাৰা গাঁৱত অভিযান চলাই অপহৰণকাৰীসহ অপহৃত হোৱা ট্ৰাকৰ চালকজনক উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে বিহাৰৰ ঝুমুই জিলাৰ খেৰাই গাঁৱৰ বাসিন্দা তথা ট্ৰাকখনৰ চালক ধমেন্দ্ৰ মণ্ডল নামৰ চালকজন যোৱা পাঁচ আগষ্টত শিমুলটাপু এইচ পি পেট্ৰ'ল পাম্পৰ সমীপৰ পৰা সন্ধানহীন হয়। ইয়াৰ পাছৰে পৰাই ট্ৰাকৰ মালিকৰ ওচৰত ধন দাবী কৰি ফোন আহে। তেতিয়া ট্ৰাকৰ মালিকে বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা দামৰা পাৰা নিবাসী প্ৰয়াত নয়ন বৰ্মনৰ ঘৰত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অপহৃত হোৱা চালকজন বিশু বৰ্মনৰ লগত শুই থকা অবস্থাত উদ্ধাৰ কৰাৰ লগতে বিশু বৰ্মনক আটক কৰে। ট্ৰাক মালিকৰ পৰা ধন লোৱাৰ বাবে এয়া অপহৰণৰ নাটক বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।