মঙলদৈত গাঞ্জাসহ ২ সৰবৰাহকাৰী আটক

 08/07/2019 - 18:29

মঙলদৈঃ স্বাধীনতা দিৱসৰ পূৰ্বে মঙলদৈত আৰক্ষীয়ে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। বিভিন্ন স্থানত গঢ়ি তুলিছে নাকা। তেনে অভিযানৰ মাজতে মঙলদৈত সোমবাৰে পুৱতি নিশা দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা আৰু উপ-পৰিদৰ্শক চন্দন দাসৰ লগতে এটি দলে এক গোপন খবৰৰ ভিত্তিত মঙলদৈৰ ভেবাৰঘাট বাছ আস্থানৰ সমীপত AS 12 S 4483 নম্বৰৰ এখন ৱাগনৰ গাড়ীৰ পৰা প্ৰায় ৫২ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে প্ৰনীব কছাৰী আৰু ৰোহিনী মিশ্ৰ নামৰ দুজন সৰবৰাহকাৰীক আটক কৰে। দুয়োৰে ঘৰ ৰৌতাত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই নিষিদ্ধ গাঞ্জাখিনি ৰৌতা থানাৰ অন্তৰ্গত ধনশিৰিৰ পৰা পাঠশালালৈ লৈ গৈ আছিল বুলি সন্দেহ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।