লামডিং বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

 08/07/2019 - 18:46

লামডিংঃ অল ইণ্ডিয়া বেংগলী ফেডাৰেচনৰ উদ্যোগত লামডিঙৰ ৰাইজৰ সহযোগত আজি ঘেৰাও কৰিলে লামডিং বিদ্যুৎ বিভাগৰ কাৰ্যালয়। অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবেই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বহু দিনৰ পৰা বিদ্যুতৰ সমস্যা হৈ থকাত বহুবাৰ লামডিং বিদ্যুৎ বিভাগত অভিযোগ কৰাৰ পাছতো বিভাগৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

বিভাগীয় কর্তৃপক্ষৰ গাফিলতিৰ বাবেই যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। অল ইণ্ডিয়া বেংগলী ফেডাৰেচনৰ লামডিং শাখাৰ সভাপতি ৰুপন দাসৰ নেতৃত্বত এই কাৰ্যসূচীৰ সম্পন্ন হয়। তিনি দিনৰ ভিতৰত এই সমস্যাৰ সমাধান নকৰিলে বৃহৎ গণ আন্দোলন কৰিব বুলি ৰুপন দাসে হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।