লখিমপুৰত মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ প্ৰতিবাদ

 08/07/2019 - 19:01

 

লখিমপুৰঃ লখিমপুৰত মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই আজি প্ৰতিবাদ সাব্যস্ত কৰে। ২০১০ চনত অসমৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী বিজ্ঞপ্তি PMA(s)32/2010/20 অনুসৰি লখিমপুৰ জিলাত নিযুক্তি আৰু বৰ্তমান কৰ্মৰত ৩৪৬ গৰাকী আৰু অসমৰ সৰ্বমুঠ (১) ৫৯২৪ গৰাকী হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি অসম চৰকাৰে ২০১৬ চনৰ কেবিনেট সিদ্ধান্ত অনুসৰি বিনাচৰ্তে নিয়মীয়াকৰণৰ দাবীত, (২) ৩-৩-২০১৬ চনৰ কাৰ্যালয় স্মাৰক কাৰ্যকৰী কৰণৰ দাবীত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত WA360/2014 পুনৰীক্ষণ আবেদন 14/2017 আৰু WA23/2017 ন্যায়ালয়ৰ পৰা উঠাই লোৱাৰ দাবীত লখিমপুৰ জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত।

এই ধৰ্মঘট স্থলীৰ পৰা শিক্ষক সন্থাই কয় যে ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱস বৰ্জন কৰি ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব। লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।