দুটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুলে

 03/31/2019 - 16:40

ডিজিটেল ডেস্ক: সমাগত ২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো দলতে চলি আছে জল্পনা-কল্পনা। তাৰ লগতে চলি আছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ।

আজি কংগ্ৰেছে ঘোষণা কৰা মতে, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দুটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কেৰালাৰ বায়নাড আৰু আমেঠি লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।