লস্কৰ-ই-তৈবাৰ ৪ জন সন্ত্ৰাসবাদী নিহত

 04/01/2019 - 18:14

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে আজি নিৰাপত্তাবাহিনীৰ হাতত নিহত হৈছে লস্কৰ-ই-তৈবাৰ ৪ জন দুধৰ্ষ সন্ত্ৰাসবাদী।

পুলৱামৰ লচ্চিপাৰাত নিৰাপত্তাবাহিনীৰে সংঘটিত এই সংঘৰ্ষত ৩ জন সেনাসহ এজন আৰক্ষীৰ জোৱানো গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত উদ্ধাৰ হৈছে দুটা এ কে চিৰিজৰ ৰাইফল, এটা এছএলআৰ আৰু এটা পিষ্টলসহ বহু পৰিমাণৰ মাৰণাস্ত্ৰৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।