বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত যোগেশ আতৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী

 08/17/2019 - 20:06

বটদ্ৰৱা: বটদ্ৰৱা থানৰ বৰনামলগোৱা, বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত যোগেশ আতৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত উপলক্ষে আজি বটদ্ৰৱাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। চিৰকৌমাৰ্য ব্ৰতাৱলম্বী নিস্বঃ ভকতজনৰ জন্ম ভেটিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদেশ্যে অনুষ্ঠিত অনুষ্ঠানটিত উদাসীন ভকত গৰাকীৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থানৰ দেউৰী ভোগেশ্বৰ কলিতা আৰু জীৱন কলিতাই।

সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত বৈষ্ণৱ পণ্ডিত গৰাকীৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি অৰ্পন কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা আৰু শিল্পী ৰঞ্জিত মহন্তই যোগেশ আতৈৰ সাংস্কৃতিক বৰ্নাঢ্য জীৱন পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে। সাংবাদিক দিব্যজ্যোতি বৰুৱা, শিক্ষক শশাংক শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ভকত বৈষ্ণৱ আইমাতৄ উপস্থিত থকা অনুষ্ঠানটিৰ পাছত এটি গছ পুলি ৰোপণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।