'একচন এইড'ৰ সৌজন্যত বিশেষভাৱে সক্ষম লোকলৈ হাইজিন কিটচ বিতৰণ

 08/18/2019 - 13:45

জনীয়াঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ’ একচন এইডৰ সৌজন্যত আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত শুকুৰবাৰে জনীয়াত বিশেষভাবে শাৰীৰিক সক্ষম লোকলৈ হাইজিন কিটচ বিতৰণ কৰা হয়।

এন জি অ’ৰ সম্পাদক আব্দুল মালিকে পৰিচালনা কৰা বিতৰণী সভাত জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলী, উপ সভাপতি ছফিকুল ইছলাম, বৰপেটা চাইল্ড লাইনৰ ৰফিকুল ইছলাম উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।