বাৰানাসীত সংঘটিত ভয়াৱহ ৰে’ল দুৰ্ঘটনা

 04/01/2019 - 19:27

ডিজিটেল ডেস্ক: সোমবাৰে পুৱা ৯.৪৫ বজাত বাৰানাসী গৌতম আস্থান ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত চাপ্ৰা চুৰাট তাপ্তী গংগা নামৰ ৰে’লখনৰ ১৩টা ডবা লাইনচ্যুত হয়।

ইয়াৰ ফলত ৪জন যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি নৰ্থ ইষ্ট ৰে’লৱে বিভাগীয় কৰ্তৃপক্ষ সঞ্চয় য়াদৱে অৱগত কৰিছে। চাপ্ৰা জিলাৰ পৰা ১০কিলোমিটাৰ আঁতৰত অৱস্থিত এই ৰে’ল ষ্টেচনটো।

ইতিমধ্যে আহত হোৱা লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও এই দুৰ্ঘটনাৰ ওপৰত আৰক্ষী বিভাগে অভিযান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।