
বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষিকৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত নগাঁওস্থিত ছাত্ৰ-ছাত্ৰীসকলে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগিতাত বেজগাঁও সোণালী পুথিভঁৰাল প্ৰাঙ্গণত বিশ্ব মৌ-মাখি দিৱস উদযাপন কৰা হয়। উক্ত সভাখনত বৃহত্তৰ বেজগাঁও, বৰগাঁও, বহুৱাভেটি অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতী, কৃষক, মহিলা, ঔদ্যোগিক আৰু মৌ-পালক উপস্থিত থাকে।
কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাই সভাখনত উপস্থিত থাকি বিশ্ব মৌ-মাখি দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে কৃষকৰ আয় দুগুণ কৰাত মৌ-মাখি পালনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভূমিকাৰ ওপৰত সবিশেষ আলোকপাত কৰে। জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈয়ে তেওঁৰ ভাষণত মহিলাসকলক মৌ-মাখি পালনৰ দৰে এক স্বাৱলম্বী কৰ্মত ব্ৰতী হ'বলৈ আহ্বান জনায়।
উপস্থিত কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মৌ পালনৰ উপকাৰিতা সম্পৰ্কে বাখ্যা কৰাৰ লগতে মৌ পালনৰ বাবে দৰকাৰী আধুনিক সা-সঁজুলি, মৌ-নিষ্কাষন যন্ত্ৰ স্থানীয় ৰাইজৰ আগত প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষিকৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক ড০ অনিমেষ ডেকাই।