২০২০ চনত ৰাজ্যসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন হোৱাৰ ইংগিত অমিত শ্বাহৰ

 04/02/2019 - 13:46

ডিজিটেল ডেস্কঃ ২০২০ চনত ৰাজ্যসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন হোৱাৰ ইংগিত বহন কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। ৰাজ্যজুৰি তীব্র ক্ষোভ, বিতর্ক, প্রতিবাদ সৃষ্টি কৰা নাগৰিকত্ব সংশােধনী বিধেয়ক আইনত পৰিণত কৰিবলৈ প্রতিশ্রুতিবদ্ধ বিজেপি। নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীতকৰণক লৈ বিগত সময়ছােৱাত অব্যাহত থকা বিক্ষোভ, পৰৱর্তী সময়ত লােকসভা নির্বাচনৰ যুঁজত নামি পৰাৰ সময়তাে দলৰ এই প্রতিশ্রুতিৰ কথা দোহাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে।

'দ্য ইকনমিক টাইমছ’ৰ সৈতে হােৱা এক সাক্ষাৎকাৰত দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় যে ২০২০ চনত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপি নেতৃত্বাধীন এন ডি এয়ে। এনে সন্ধিক্ষণত দলৰ ইস্তাহাৰত নাগৰিকত্ব সংশােধনী বিধেয়ক হ’ব। এয়া বিজেপিৰ এক অন্যতম প্রতিশ্রুতি। ‘দ্য ইকনমিক টাইমছ’ৰ হৈ প্ৰণৱ ধাল চামান্তাৰ সৈতে হােৱা এক সাক্ষাৎকাৰত নাগৰিকত্ব সংশােধনী বিধেয়কক লৈ দলৰ স্থিতি পুনৰ স্পষ্ট কৰি বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে কয়— সম্প্রতি সংসদৰ উচ্চ সদনত আমাৰ সংখ্যাগৰিষ্ঠতা নাই। কিন্তু ২০২০ চনৰ ভিতৰত ৰাজ্যসভাত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম আৰু অনুমােদনেৰে নাগৰিকত্ব সংশােধনী বিধেয়ক আইনত পৰিণত কৰাটো হ’ব আমাৰ অন্যতম লক্ষ্য।

উত্তৰ-পূর্বাঞ্চলত ঋণাত্মক প্রতিক্রিয়াৰ বাবেই নাগৰিকত্ব সংশােধনী বিধেয়ক প্রত্যাহাৰ কৰা হ'ব পাৰে নেকি বুলি সােধা এক প্ৰশ্নৰ উত্তৰত অনৰূপ মন্তব্য কৰি ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভৰ পাছতেই এনে বহু বিষয় দলীয় ইস্তাহাৰত স্থান লাভ কৰিব বুলিও গুৰুত্বপূর্ণ মন্তব্য কৰে অমিত শ্বাহে। আনহাতে, অসমত বৰ্তমানৰ এগৰাকীকৈ সাংসদক বিজেপিয়ে প্রার্থিত্ব প্রদান নকৰা বিষয়ত সােধা আন এক প্রশ্নৰ উত্তৰত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় যে কোনাে এজনে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে, যিয়ে দলৰ হৈ কঠোৰ সংগ্রাম কৰে আৰু নিষ্ঠাৰে সেৱা আগবঢ়ায়। এয়া ৰাজনীতিৰ এক প্রাসংগিক কথা। সেয়েহে দলীয় কর্মীৰ দায়িত্ব সলনিৰ বাবেই কেতিয়াবা এনে কিছুমান সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হয়। ইফালে লােকসভা নির্বাচনত বিজেপিয়ে পশ্চিমবংগ, ওড়িশাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩৫-৪০খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি ‘চি এন এন নিউজ ১৮’ৰ সৈতে হােৱা আন এক পৃথক সাক্ষাঙ্কাৰত মন্তব্য কৰে অমিত শ্বাহে।

লােকসভা নির্বাচন আসন লাভৰ প্ৰসংগত মন্তব্য কৰি শ্বাহে কয় যে পশ্চিমবংগত বিজেপিয়ে কমেও ২৩খন আসন জয়লাভ কৰিবলৈ সক্ষম হ’ব। তদুপৰি নাগৰিকত্ব সংশােধনী বিধেয়কৰ ইছ্যুক লৈ প্রতিবাদ সাব্যস্ত হােৱা সত্ত্বেও উত্তৰ-পূর্বাঞ্চলত বিজেপিয়ে ২০-২১খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে।

লােকসভা নির্বাচনত ওড়িশাত পূর্বতকৈ আশাপ্রদ ফলাফল প্রদর্শনৰ লগতে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ বিজেপিয়ে গঠন কৰিব বুলি উক্ত সাক্ষাৎকাৰত দৃঢ়তাৰে মন্তব্য কৰে ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে। শ্বাহৰ ইংগিত বা অভিপ্ৰায় কিমানদূৰলৈ সফল হয় সেয়া সময়ত লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।