সুৰা বিক্ৰী কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া হ’ল এটা পৰিয়াল

 08/21/2019 - 13:34

গোলাঘাটঃ চুলাই মদ বিক্ৰী কৰাই কাল হ’ল এটা পৰিয়ালৰ৷ নিজ মাতৃৰ মৃত্যু হোৱা ১৭ দিনৰ পিছতো তিলানী,দহা,আদ্যশ্ৰাদ্ধ একোৱেই পাতিব পৰা নাই ঘৰখনে৷ খুমটাইৰ ডেকা দোলাখৰীয়া গাঁৱৰ মনোজ গগৈ নামৰ ব্যক্তিজনে দীৰ্ঘদিন কৰি আহিছিল চুলাই মদৰ অবৈধ ব্যৱসায়৷ যাৰ পৰিপেক্ষিতত ৩ মাহ আগতেই সমাজৰ পৰা এঘৰীয়া কৰিছিল মনোজ গগৈক৷ গাঁওখনৰ লোকসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মনোজক বাৰম্বাৰ এই ব্যৱসায় নকৰিবলৈ কৈছিল গাঁওবাসীয়ে৷ কিন্তু তাৰ পিছতো মনোজে কৰি গৈছিল অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায়৷ যাৰ বাবে মনোজৰ নিজ মাতৃ পূৰ্ণ গগৈৰ মৃত্যু হোৱা ১৭ দিন পাৰ হৈ গ’ল যদিও আজিলৈ কৰিব পৰা নাই আদ্যশ্ৰাদ্ধৰ কৰ্ম৷ যাক লৈ এতিয়া এই দৰিদ্ৰ পৰিয়ালটো চৰম অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷ ডেকা দোলাখৰিয়া গাঁৱৰ সমাজ পৰিষদক ১০ হাজাৰ টকা দিলেহে উদ্ধাৰ কৰিব পৰিয়ালটোক কিন্তু ঘৰতে এখন সৰু দোকান দিয়েই পৰিয়াল পোহপাল দিয়া মনোজ গগৈয়ে ১০ হাজাৰ টকা দিয়াৰ সামৰ্থ্য নাই ৷ এতিয়া পৰিয়ালটোৱে বিচাৰিছে গাঁওবাসীৰ পৰা সহায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।