পুনৰ ব্ন্যহস্তীৰ আক্ৰমণত নিহত এজন

 08/21/2019 - 16:17

ডিমাকুচিঃ হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ লৈছে ওদাগুৰিৰ ভাৰত ভূটান সীমান্ত অঞ্চলত৷ নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ জাক৷ মঙলবাৰে ব্ন্যহস্তীৰ আক্ৰমণত ভেৰগাঁৱৰ ডিমাকুচি থানাৰ অন্তৰ্গত ভূটান সীমান্তবৰ্তী ২নং চামৰাংৰ মহেশ যাদৱ(৫০) নামৰ এজন লোক নিহত হয়| যাদৱ দিন হাজিৰাৰ বাবে ভূটানত কৰ্মৰত আছিল৷ ভূটান পৰা ঘৰ আভিমূখে উভতি অহা সময়ত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে লোকজনৰ | উল্লেখ্য যে মহেশ যাদৱে সোমবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল যদিও মঙলবাৰে সন্ধিয়া যাদৱৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰি ডিমাকুছি আৰক্ষী থানাত খবৰ দিয়ে ৷আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আনে ৷বুুুধবাৰে আৰক্ষীয়ে মৃতদেহটোৰ মৰোনোত্তৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷ চলিত বৰ্ষত বৰ্তমানলৈকে ওদালগুৰি জিলাত ১৮ জনলোকে প্ৰাণ হেৰুৱাৰ বিপৰিতে কেইবাটাও হাতীৰো মৃত্যু হৈছে ৷ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ধাৰণ কৰিছে যদিও ইয়াৰ স্থায়ী সমস্যা সমাধা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।