বৰপেটা জিলাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমিতিৰ প্ৰতিবাদী সমদল

 08/21/2019 - 17:19

বৰপেটাঃ অসমীয়া জাতিৰ ৰক্ষা কৱচ স্বৰুপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰস্তুতকৰণৰ কাম পূৰ্ণ গতিত চলি আছে। প্ৰতিজন অসমীয়াই এখন শুদ্ধ এন.আৰ.চি প্ৰকাশ কৰাটো মনে প্ৰাণে বিচাৰে। এই শুদ্ধ এন আৰ চি'ত কোনো ভাৰতীয়ৰ নাম বাদ নপৰে আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়। কিন্তু শেহতীয়াকৈ এন আৰ চি প্ৰস্তুতকৰণকলৈ বাংলাদেশী মুছলমানক নাগৰিকত্ব দিয়াৰ এক পৰিকল্পিত ষড়যন্ত্ৰ চলা যেন অনুমান কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৰপেটা জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়াই। এই সমদল বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ নিচে গাতে লাগি থকা মিলেনিয়াম পাৰ্কৰ পৰা আৰম্ভ হৈ উপায়ুক্ত কাৰ্যালয়ৰ পিনে অগ্ৰসৰ হয়।

প্ৰতিবাদী সকলে প্ৰতিক হাজেলা মুৰ্দাবাদ, বাংলাদেশী মুছলমান হুচিয়াৰ, আদি ধ্বনিৰে বৰপেটাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। লক্ষ্যণীয় যে বাংলাদেশৰ সীমান্তৱৰ্ত্তী জিলাবোৰত অতীজৰে পৰা বাংলাদেশীৰ প্ৰবজন এক জ্বলন্ত সমস্যাৰুপে পৰিগণিত হৈ আহিছে। ইয়াৰ ফলশ্ৰুতিতেই ভয়াবহ ভৱিষ্যতৰ আশংকাত অসম আন্দোলনৰ সূচনা হৈছিল। কিন্তু সকলোকে আচৰিত কৰি এন আৰ চি খচৰাত বাংলাদেশৰ সীমান্তৱৰ্ত্তী অসমৰ জিলাসমূহত গৰিষ্ঠসংখ্যক বাংলাদেশী মুছলমানে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা জিলা সমিতিৰ পৰা উল্লেখ কৰে যে এন আৰ চি'ৰ ভিত্তিবৰ্ষ ১৯৫১'ৰ পৰিৱৰ্তে ১৯৭১ কৰিব লাগে। কিয় অসমে ২০ বছৰৰ অবৈধ মুছলমান বাংলাদেশীৰ বোজা বহন কৰিব বুলিও স্পষ্ট মত আগবঢ়াই। পৰৱৰ্তী সময়ত জিলা দণ্ডাধীশৰ জৰিয়তে ভাৰতৰ গৃহ সচীব আৰু এন আৰ চি সমন্বয়ক প্ৰতিক হাজেলালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা জিলা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।