বিয়াৰ খাদ্যত বিষক্ৰিয়া

 04/03/2019 - 13:36

ডিজিটেল ডেস্কঃ ৰাজস্থানত ঘটিছে অঘটন। বিয়াৰ আনন্দ ফূৰ্ত্তিৰ মাজত হঠাৎ আহিল বিষাদৰ খবৰ।

ৰাজস্থানৰ কিষাণগঞ্জত এখন বিবাহৰ অভ্যৰ্থনাত খাদ্য গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে ৭০ জনকৈ লোক। অসুস্থ লোককেইজনৰ ভিতৰত আছে ১০ টি শিশু।

গুৰুতৰভাৱে অসুস্থ লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অসুস্থ লোককেইজনৰ ৩ জনৰ অৱস্থা অতি সংকটজনক।

খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।