স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ বলি মৰিগাঁৱৰ বোৱাৰী

 08/27/2019 - 16:26

মৰিগাঁওঃ :ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। যৌতুকৰ বাবে নিৰ্যাতনৰ বলি হ’ব লগা হৈছে ইগৰাকীৰ পিছত সিগৰাকীকৈ বোৱাৰী। এইবাৰ যৌতুকৰ বাবে স্বামীৰ শাৰিৰীক নিৰ্যাতনৰ বলি হৈছে মৰিগাঁৱৰ এগৰাকী বোৱাৰী। মৰিগাঁৱৰ গছবাৰী গাঁৱৰ তৃষ্ণা বৰাই যোৱা ডিচেম্বৰ মাহৰ ১২ তাৰিখে বিবাহপাশত আবদ্ধ হৈছিল নগাঁৱৰ খুতিকটিয়াৰ পংকজ বৰাৰ সৈতে। প্ৰথমে সকলো ঠিকে আছিল।

কিন্তু এমাহ পাৰ হোৱাৰ পাছতে পংকজ বৰাই নিজ পত্নী তৃষ্ণাৰ ওপৰত চলাবলৈ আৰম্ভ কৰিছিল নিৰ্যাতন। জুৱা খেলত মাতাল পংকজক প্ৰয়োজন হৈছিল নিতৌ পত্নীৰ পৰা ধন। আৰু ধন দিব নোৱাৰিলে পত্নীৰ ওপৰত আৰম্ভ কৰিছিল নিৰ্যাতন। ইফালে ঘটনাতো তৃষ্ণাই পিতৃ গৃহত জনাব নোৱাৰাকৈ স্বামীয়ে কাঢ়ি লৈছিল মোবাইল ফোন। কেৱল ইমানেই নহয় ঘৰত কথাবোৰ জনালে নিজ পত্নীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰিব বুলি ভাবুকি দিছিল লম্পত স্বামী পংকজ বৰাই। অৱশেষত স্বামীৰ এই নিৰ্যাতনক সহ্য কৰিব নোৱাৰি পত্নী তৃষ্ণাই কাষ চাপিবলৈ বাধ্য হ’ল আৰক্ষীৰ ওচৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।