নিৰ্মীয়মান অট্টালিকা খহি পৰাত মৃত্যু ২ জনৰ

 04/05/2019 - 12:36

ডিজিটেল ডেস্কঃ বাংগালুৰুত আজি পুৱা প্ৰায় ৪ বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ স্থান য়েছন্তপুৰ। এটা নিৰ্মীয়মান অট্টালিকা খহি পৰাৰ ফলত মৃত্যুক আকোঁৱালি লৈছে দুজনকৈ লোকে।

আনহাতে ধ্বংসস্তূপৰ মাজত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰাৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।