ৰহাৰ ১০৫ বছৰীয়া আইতাৰ জন্মদিন উদযাপন

 09/09/2019 - 15:46

ৰহাঃ এগৰাকী ১০৫ বছৰীয়া আইতা। আইতাৰ বয়স এশ পাঁচ বছৰ। আইতাৰ চুলি এতিয়াও অৰ্ধ শতাংশই পকা নাই। এই বয়সতো আইতাৰ দাঁত মজবুট। ৰহাৰ চাপৰমুখ চকিয়াল গাৱঁৰ এই আইতা গৰাকীৰ নাম অকনি বৰুৱা। আইতাৰ জন্ম হৈছিল ১৯১৪ চনত নগাৱঁৰ উৰিয়া গাৱঁত। তেৰ বছৰ বয়সতে আইতা বিয়া হৈছিল চাপৰমুখ চকিয়াল গাৱঁৰ মুক্তি যুঁজাৰু, স্বাধীনতা সংগ্ৰামী মীনাৰাম বৰুৱাৰ লগত।

আইতাৰ স্বামী কেতিয়াবাই ঢুকাল, চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে আইতাৰ সন্তানে। দুজন পুত্ৰও ঢুকাল। বৃদ্ধ হ'ল আইতাৰ জী-জোঁৱাই। আইতা কিন্তু আজিও তজবজীয়া। আইতাৰ শৰীৰত নাই কোনো ৰোগ। মুক্তি যুঁজাৰুৰ পেন্সন ল'বলৈ আইতা নিজেই যায় বেংকলৈ। অৱশ্যে কম শুনে আইতাই। প্ৰবল ঈশ্বৰ ভক্তি থকা নিৰক্ষৰ আইতাৰ পৰিমিত আহাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ মূল মন্ত্ৰ।

দেওবাৰে আইতাৰ বৃহৎ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে উলহ-মালহেৰে উদযাপন কৰিলে আইতাৰ ১০৫ বছৰীয়া জন্মদিন। আৱাল বৃদ্ধ-বৃদ্ধায়ো আহি আইতাক জনালে জন্ম দিনৰ শুভেচ্ছা। যাঁচিলে উপহাৰ। ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো গামোচা আৰু ফুলৰ থুপাৰে আইতাক জনালে জন্মদিনৰ ওলগ। আইতা আৰু দীৰ্ঘজীৱী হওঁক তাৰে কামনা কৰিলে সকলোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।