চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত ড০ দেবেন দত্তক শ্ৰদ্ধাঞ্জলি

 09/10/2019 - 12:31

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত কছাৰিগাঁঁও চাহ বাগিচাত সোমবাৰে বিয়লি ৪:৩০বজাত টিয়ক চাহ বাগিচাত নিহত ড০ দেবেন দত্তৰ সোঁৱৰণিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰে। অসম চাহ মজদুৰ সংঘ তথা চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত বাগিচা খনৰ কৰ্মচাৰী তথা শ্ৰমিকে অংশগ্ৰহণ কৰে।

অসম চাহ মজদুৰ সংঘ, তেজপুৰ শাখা কছাৰিগাঁও গোটৰ সম্পাদক বিদবাছ বাগে আঁত ধৰা অনুষ্ঠানটিত কছাৰিগাঁও গোটৰ সভাপতি গনেশ খৰা, চাহ বাগিচাখনৰ পৰিচালক আমলা সিংয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত নিজৰ ভাষন প্ৰশংগত বিদবাছ বাগে ড০ দেবেন দত্তৰ নৃশংস হত্যাৰ তীব্ৰ গৰিহণা দিয়ে আৰু ভৱিষ্যতে এনে দুষ্কৰ্ম যাতে দুনাই নহয় তাৰ বাবে শ্ৰমিক সকলক সজাগ হ’বলৈ আহ্বান জনাই আৰু প্ৰৰোচিত নহ’বলৈ কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।