সীমান্ত সুৰক্ষা বাহিনীৰ সফলতা, চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

 09/10/2019 - 12:43

সুখচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী শিশুমাৰা সীমান্ত চকীৰ অধীনস্থ ব্ৰহ্মপুত্ৰ চৰঞ্চলৰ সীমান্ত সুৰক্ষা বাহিনীয়ে সোমবাৰে ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত এক গোপন সুত্ৰ অনুসৰি গৰু চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত ৩ টা গৰুসহ এজন গৰু সৰবৰাহকাৰীক আটক। ৬ বি এন বি এছ এফৰ শিশুমাৰা চকীৰ সীমান্ত সুৰক্ষা বাহিনীয়ে চলাইছিল এই অভিযান।

সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা চোৰাং গৰু সৰবৰাহকাৰী জনক সুখচৰ থানাৰ অধীনস্থ বক্ত জামালৰ পুত্ৰ ছাইফুল আলি(২০)। বি এছ এফে গৰুসহ খাৰুৱাবান্ধা আৰক্ষী চকীত জমা দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।