মৰিগাঁৱৰ হোমিঅ’পেথিক চিকিৎসক ডা০ ৰঞ্জিত কুমাৰ নাথৰ সাফল্য

 09/10/2019 - 13:05

মৰিগাঁৱঃ গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত বৰ্তমানে প্ৰাদুৰ্ভাৱ হৈ থকা ৰোগৰ ওপৰত ভাষণ প্ৰদান কৰি বুটলিলে প্ৰশংসা৷ ডা০ নাথৰ পাৰদৰ্শিতাৰ বাবে ডুবাই-থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ মৰিগাঁৱৰ বিশিষ্ট হোমিঅ’পেথিক চিকিৎসক ডা০ ৰঞ্জিত কুমাৰ নাথে গোৱাত কেণ্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিঅ’পেথিক চিকিৎসক সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াই আনে।

দেশৰ বিভিন্ন প্ৰান্তৰৰ আগশাৰী হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলনখনিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হৈ একমাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিঅ’পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিঅ’পেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডা০ নাথে। তেঁও বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

তদুপৰি সমগ্ৰ দেশতে হোমিঅ’পেথিক চিকিৎসকসকলে ভোগ কৰি অহা সমস্যা সমূহৰ লগতে নতুন নতুন ৰোগ সমূহৰ প্ৰতিৰোধৰ ওপৰতো সন্মিলনত বিশেষ ভাবে আলোকপাত কৰা হয়। উল্লেখ্য যে ২৮ আগষ্টৰ পৰা ৩১ আগষ্টত সামৰণি পৰা সন্মিলন খনিত দেশৰ হোমিঅ’পেথিক চিকিৎস সেৱা উন্নতি কৰণৰ ওপৰতো আলোচনা কৰে।

মৰিগাঁৱৰ বিশিষ্ট হোমিঅ’পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া হোমিঅ’পেথিক চিকিৎসা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।