কৰ্কট ৰোগীৰ পৰিয়াললৈ বৰুণ কলিতা ফাউণ্ডেশ্যনৰ সাহায্য প্ৰদান

 09/10/2019 - 13:05

বজালীঃ কৰ্কট ৰোগত আক্ৰান্ত হোৱা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ লোকৰ দৈনন্দিন জীৱিকা নিৰ্বাহৰ তথা লঘু উপাৰ্জনৰ আহিলা হিচাপে কিছু বিশেষ প্ৰকল্প হাতত লৈ সেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা পৰিয়াল সমূহৰ লগত একেলগে কাম কৰাৰ মানসিকতাৰে ২০১৮ চনত অসমৰ কেইগৰাকীমান উদ্যমী যুৱকে টিহু মাখিবাহা নিবাসী কৰ্কট ৰোগত বহু বছৰ ধৰি আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা প্ৰয়াত বৰুণ কলিতাৰ সোঁৱৰণত "বৰুণ কলিতা ফাউণ্ডেশ্যন" নামৰ অনুষ্ঠানটিৰ জন্ম দিয়ে। এই অনুষ্ঠানৰ প্ৰথম বৰ্ষৰ সমাপ্তিৰ কাৰ্যসূচী হিচাপে যোৱা ৮ ছেপ্তেম্বৰ ২০১৯ ৰবিবাৰে অসমীয়া জাতিৰ স্বাভিমান ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকা দেৱৰ পবিত্ৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি বৰুণ কলিতা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰথমে নলবাৰী জিলাৰ টিহু মৌজাৰ ভোজকুছি গাৱঁৰ সৰস্বতী বৰ্মনৰ পৰিয়াললৈ তথা বৰপেটা জিলাৰ পাটাছাৰকুছি অঞ্চলৰ উদ্ধৱ ৰয়ৰ পৰিয়াল আৰু মন্জু ৰয়ৰ পৰিয়াললৈ বৰুণ কলিতা ফাউণ্ডেশ্যনৰ সভাপতি শৈলেন কলিতা, সম্পাদক মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মা আৰু বহুকেইগৰাকী সদস্যই তেওঁলোকৰ গৃহত উপস্থিত হৈ তেওঁলোকৰ দৈনন্দিন জীৱনৰ কৰ্মৰ লগত খাপ খোৱাকৈ জীৱিকা নিৰ্বাহৰ আহিলা হিচাপে একোটিকৈ চিলাই মেচিন, মহিলাৰ নিত্য ব্যৱহাৰ্য কাপোৰ তৈয়াৰ কৰাৰ বাবে কেচা সামগ্ৰী, চাদৰ ইত্যাদি লগোৱাৰ বাবে বৃহৎ পৰিমাণৰ সূতা তথা চিলাই মেচিনৰ আনুসংগিক আৰু প্ৰয়োজনীয় কিছু সামগ্ৰী প্ৰদান কৰে।

নিৰ্বাচিত তিনিওটা পৰিয়ালৰেই কৰ্কট ৰোগত আক্ৰান্ত ৰোগী কেইজন ইতিমধ্যে দুৰ্ভাগ্যজনক ভাৱে মৃত্যুবৰণ কৰিছে। তেখেতসকলৰ পৰিয়ালৰ অন্য সদস্য সকলৰ বাবে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ পায় অতিশয় আৱেগিক হৈ পৰে ফাউণ্ডেশ্যনটোৰ সভাপতি শৈলেন কলিতা, সম্পাদক মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মা তথা অন্য সদস্য সকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।