চন্দ্ৰযান-২ উৎক্ষেপণত জড়িত এগৰাকী অসম কন্যা

 09/10/2019 - 13:31

তিনিচুকীয়াঃ চন্দ্ৰযান-২ সফল হৈছে! চন্দ্ৰপৃষ্ঠত সুকলমে বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰিব নোৱাৰিলেও ভাৰতৰ এই অভিযানে বৰ্তমানেও আশাহত কৰা নাই দেশবাসীক। ৬ ছেপ্টেম্বৰত নিশা বিক্ৰম লেণ্ডাৰখন চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ বাবে ৰৈ আছিল সমগ্ৰ দেশবাসী কিন্তু শেষ মুহূৰ্তত লেণ্ডাৰ বিক্ৰমেৰ সৈতে ISROৰ যোগাযোগ বিচ্ছিন্ন হয়। নিশা প্ৰায় ২ বজাত নিৰ্ধাৰিত লক্ষ্যৰ ২.১ কিঃমিঃ দূৰত্বত থকাৰ সময়তে যোগাযোগ বিচ্ছিন্ন হয় লেণ্ডাৰ ‘বিক্ৰম’ৰ সৈতে। শেষ মুহূৰ্তত বিক্ৰম লেণ্ডাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হ’লেও দেশবাসী হতাশ হোৱা নাই। দেওবাৰে যোগাযোগ বিচ্ছিন্ন হোৱা বিক্ৰম লেণ্ডাৰৰ ওলাল সন্ধান।

অৰ্বিটাৰে প্ৰেৰণ কৰিছে বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন আলোকচিত্ৰ আৰু সংযোগ স্থাপনৰ অহৰহ প্ৰচেষ্টাও অব্যাহত ৰাখিছে ভাৰতীয় মহাকাশ সংস্থা ISROয়ে। এই ফটোখনে কোটি কোটি জনতাৰ হৃদয়ত নতুন আশা জগাবলৈ সক্ষম হৈছে। ইফালে চন্দ্ৰযান-২ৰ উৎক্ষেপণত জড়িত মহাকাশ বিজ্ঞানীসকলক সমগ্ৰ দেশে শলাগ লোৱাৰ সময়তে পোহৰলৈ আহিছে চন্দ্ৰযান-২ৰ উৎক্ষেপণত জড়িত তিনিচুকীয়াৰ এগৰাকী মহিলাৰ কথা। নিধি শৰ্মা নামৰ এইগৰাকী মহিলা চন্দ্ৰযান-২ৰ উৎক্ষেপণত জড়িত থকাৰ খবৰ পোৱাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্র ৰাজ্যৰ লগতে তিনিচুকীয়াবাসী।

দিল্লীত জন্ম আৰু শিক্ষাগ্ৰহণ কৰা নিধি শৰ্মাই প্ৰায় ৪ বছৰ পূৰ্বে মহাকাশ বিজ্ঞানী হিচাপে ISROত যোগ দিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত তিনিচুকীয়াৰ এজন অভিযন্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নিধি শৰ্মাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।