এনএইছপিচি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত

 09/10/2019 - 13:39

ধেমাজিঃ সোমবাৰে পুনৰ এনএইছপিচি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি-লখিমপুৰ জিলা সমিতিয়ে। শাসনাধিষ্টিত চৰকাৰ লগতে এনএইছপিচি কৰ্তীপক্ষয় বিগত বহু বছৰ ধৰি ধেমাজি-লখিমপুৰ জিলা ৰাইজক লৈ হেতালি খেলি আহিছে ।

সোমবাৰে এই উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত গোগামুখ মহৰিকেম্পত এক বৃহত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পটিৰ বাবে দাঁতিকাষৰীয়া জিলা সমূহ লৈ এক অমানিষা নামি অহাটো প্ৰায়ে নিশ্চিত ।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল সংগঠনে বছৰ বছৰ ধৰি এনএইছপিচি প্ৰকল্প টি বন্ধ কৰা দাবী কৰি আহিছে যদিও প্ৰকল্পটো কৰ্তীপক্ষয়ই কেৰেপ কৰা নাই।

ধেমাজি-লখিমপুৰ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোগামুখৰ মহৰিকেম্পত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তুলে। ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।