লংকাত পুখুৰীত পৰি কিশোৰীৰ মৃত্যু

 09/10/2019 - 13:51

লংকাঃ লংকাৰ জুঠাংবস্তিৰ আফছৰ হুচেইন নামৰ লোকজনৰ তৃতীয় শ্ৰেণীত পঢ়ি থকা ৭বছৰীয়া কন্যাগৰাকীৰ মৃতদেহ সোমবাৰে নিশা গাঁওখনৰে ৰোমান আলী নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। জুঠাংবস্তি বালিকা মুক্তাব বিদ্যালয়ৰ ছাত্ৰীগৰাকী বিদ্যালয়ৰপৰা ঘৰলৈ অহাৰ পাছৰে পৰায়ে নিখোঁজ হৈ আছিল।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ সময়তে সন্দেহজনক ভাৱে কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ ঘৰৰ পৰা কিছু নিলগতে থকা ৰোমান আলী নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হয়। পৰিয়ালৰ লোকে এয়া ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে ছাত্ৰীগৰাকীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।