হাটশিঙিমাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

 09/10/2019 - 16:03

হাটশিঙিমাৰীঃ বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ নমুনা উদঙালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীত হ’বলগীয়া আদৰ্শ বিদ্যালয়খন গোপনে হস্থান্তৰিত কৰি বিলাসীপাৰাত স্থানান্তৰীত কৰাত তীব্ৰ বিৰোধীতা কৃষক মুক্তি সংগ্ৰামৰ। বিধায়ক অশোক কুমাৰ সিংঘলী য়ে কুটিল ৰাজনীতি কৰাৰ অভিযোগ। 

মানকাচৰৰ স্থানীয় বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলৰ ভূমিকাক লৈ প্ৰশ্ন কৃষক মুক্তি সংগ্ৰামৰ। লগতে তেওঁলোকে সাংসদ বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে। সংবাদমেল খন আয়োজন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূখ্য উপদেষ্টা আনিছুৰ ৰহমানে। বিজেপি বিধায়কৰ এনে নিকৃষ্ট কাৰ্যক ধিক্কাৰ দিয়ে আনিছুৰ ৰহমানে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীত হব আদৰ্শ বিদ্যালয়খন সেই স্থানত স্থাপন নহলে গণতান্ত্ৰিক ভাৱে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাময়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।