ৰাইছা টমচিন হুছেইনলৈ স্বৰ্ণপদক

 09/10/2019 - 18:23

গুৱাহাটীঃ অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ৰাইছা টমচিন হুছেইনলৈ ৰাজ্যপাল জগদীশ মুখীয়ে আগবঢ়াই স্বৰ্ণপদক। ডনবস্ক বিশ্ববিদ্যালয়ত অনুষ্ঠিত সমাৱর্তন অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে কৃতি ছাত্ৰী গৰাকীক স্বৰ্ণপদক প্ৰদান কৰে৷ বিশ্ববিদ্যালয়খনৰ চিভিল ইঞ্জিনিয়াৰিং শাখাৰ প্ৰযুক্তিৰ স্নাতক ছাত্ৰীগৰাকীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰা বাবে বিশ্ববিদ্যালয়ৰ স্বৰ্ণপদকৰ বাবে নিৰ্বাচিত হয়।

কৃতি ছাত্ৰী ৰাইছা টমচীন হুছেইন গান্ধীবস্তি নিবাসী প্ৰয়াত আনোৱাৰ হুছেইন আৰু বৰক্ষেত্ৰী কলেজৰ সহকাৰী অধ্যাপিকা ছাহজাহানা বেগমৰ কন্যা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।