উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য গোলাঘাট জিলা বন বিভাগৰ

 09/10/2019 - 18:45

গোলাঘাটঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি বৰপথাৰত অব্যাহত আছে বন ধ্বংস যজ্ঞ। গোলাঘাট জিলা বন বিভাগ আৰু বৰপথাৰ খণ্ড বন বিষয়া গৰাকীৰ মুখ্য পৃষ্ঠপোষকতাত চলি আছে বন ধ্বংস যজ্ঞ। বৰপথাৰ নগৰত খণ্ড বন বিষয়া গৰাকীৰ কায্যালয়ৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলাগৰ বন বিভাগৰ চকুৰ সমুখতে চলি আছে অবৈধ কাঠফলা মিল।

বৰপথাৰ অঞ্চলৰ লগতে ধনশিৰি মহাকুমাৰ বিভিন্ন এলাকাত প্ৰায় ২৫ টাকৈ অধিক অবৈধ কাঠফলা মিলে অহৰহ কাঠফালি থকা বুলি অভিযোগ তুলিছে ধনশিৰি মহকুমা ছাত্ৰ-সন্থা আৰু বৰপথাৰ আঞ্চলিক ছাত্র-সন্থাই । চুবুৰীয়া কাৰ্বি আংলং জিলা আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা চেগুন, শলখ, গমাৰি আদি মূল্যবান কাঠ গোপনে আনি অবৈধ এই কাঠফলা মিল সমূহত ফালি বিভিন্ন স্থানলৈ সৰবৰাহ কৰে।

বন বিভাগৰ চত্ৰচায়াঁতেই প্ৰতিদিনেই বৰপথাৰ অঞ্চলত চলিছে বিধ্বংস যজ্ঞ। বৰপথাৰত বন বিভাগৰ এনে কার্যক গৰিহণা দিছে ধনশিৰি মহকুমা ছাত্ৰ-সন্থা আৰু বৰপথাৰ আঞ্চলিক ছাত্র-সন্থাই। বৰপথাৰ অঞ্চলৰ লগতে ধনশিৰি মহকুমাত চলি থকা এই অবৈধ কাঠ মিল সমূহ শীঘ্ৰে বন্ধ কৰিবৰ বাবে ৰাজ্যৰ বন মন্ত্ৰী আৰু বন বিভাগক দাবী জনাইছে ধনশিৰি মহকুমা ছাত্ৰ-সন্থা আৰু বৰপথাৰ আঞ্চলিক ছাত্র-সন্থাই ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।