বৰঘুলী হাই মাদ্ৰাছাত বানাক্ৰান্ত ৰাইজৰ মাজত বিশাল স্বাস্থ্য মেলা

 09/10/2019 - 19:05

কলিয়াবৰ: কলিয়াবৰৰ বৰঘুলী হাই মাদ্ৰাছাত বানাক্ৰান্ত ৰাইজৰ মাজত মঙলবাৰে জখলাবদ্ধা গ্ৰাম্য চিকিৎসালয়ৰ পৰা বিশাল স্বাস্থ্য মেলা আযোজন কৰে।

মেলাত উপষ্ঠিত থাকে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মাননীয় মন্ত্ৰী কেশব মহন্ত দেব আৰু নগাওঁ জিলাৰ স্বাস্থ্য বিভাগৰ সঞ্চালক মহোদয় আৰু বহু কেইজন বিশিষ্ট চিকিৎসক। চিকিৎসকসকলে বৰঘুলীৰ ৰাইজৰ চিকিৎসা কৰি অসম চৰকাৰৰ বিনামূলীয়া ঔষধ প্ৰদান কৰাৰ লগতে ৰোগীসকলৰ ৰক্ত পৰীক্ষা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।