ডকাইতক মাৰানাস্ত্ৰ যোগান ধৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী কনিষ্টবল

 09/10/2019 - 19:30

নলবাৰীঃ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষী কনিষ্টবলেই নলবাৰীত এইবাৰ ডকাইতক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত হ'বলগীয়া হ'ল গ্ৰেপ্তাৰ৷ এইজন মনোজ বৰ্মন, প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ এজন কনিষ্টবল। পিছে বপুৰা নামতহে আৰক্ষী, হলি-গলি কিন্তু ডকাইতৰ লগতহে। পিন্ধে আৰক্ষীৰ খাকী পোছাক কিন্তু ভিতৰি মিতিৰ ডকাইতৰ সৈতে যোগান ধৰে অস্ত্ৰ। পিছে ডকাইতৰ লগত সখা-মিতিৰ পাতি বেছ সুখেৰে চলি থকা আৰক্ষী নামধাৰী মনোজ বৰ্মনৰ দিন বেয়া আছিল। নাম দুয়োৰে নুৰুল হুছেইন আৰু জাকিৰ হুছেইন।

যোৱা ২১আগষ্টৰ নিশা আৰক্ষীয়ে এটা দহ লাখ টকাৰ মূল্যৰ 9 এম এম পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছিল এই দুই ডকাইতক।

ধৃত এই দুই ডকাইতে তেল ডিপুকে ধৰি বিভিন্ন স্থানত ডকাইতি চলোৱাৰ অপৰাধতো অভিযুক্ত। দুয়োৰে পৰা আৰক্ষীয়ে এখন নম্বৰ প্লেটবিহীন পালছাৰ বাইক, চাৰিটা মোবাইল হেণ্ডছেটো জব্দ কৰিছিল। অৱশেষত নলবাৰী সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলা এক অভিযানত এই দুই ডকাইতক অস্ত্ৰ যোগান ধৰা আৰক্ষী কনিষ্টবল মনোজ বৰ্মনক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে। আজি দুপৰীয়াৰ ভাগত বৰ্মনক আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে বৰ্মনক পাঁ‌চ দিনৰ বাবে নিজৰ জিন্মাত বিচাৰি জনাইছে আবেদন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।