হেকাৰৰ কবলত এতিয়া  ষ্টেট বেংকৰ  একাউণ্ট

 09/10/2019 - 19:36

আমিনগাঁওঃ নিমিষতে হেকাৰৰ কোপ দৃষ্টি পৰি নাইকিয়া হ'ব পাৰে আপোনাৰ একাউন্টৰ ধন। আমিনগাওঁ এছ বি আই শাখাৰ এজন গ্ৰাহকে নিজ একাউণ্টৰ ধন উলিয়াবলৈ গৈ চকু কপালত উঠিল। অহিন বৰুৱা নামৰ গুৱাহাটী আই আই টিৰ শ্ৰমিক জনৰ একাউণ্টৰ সমুদায় ধন উলিয়াই নিলে হেকাৰে। একাউন্ট আপডেটত মুম্বাইৰ পৰা পে-টিমৰ দ্বাৰা ধন হৰলুকি কৰা তথ্য লাভ কৰিছে।

গ্ৰাহক জনে বেংক কৰ্তৃপক্ষক এই বিষয়ে অভিযোগ দাখিল কৰিছে।  কিয় বাৰে বাৰে  হেকাৰৰ শেনচকু এছ বি আই ৰ একাউন্টত। গ্ৰাহকৰ অভিযোগ বেংকৰ কৰ্মচাৰী জড়িত আছে ধন হৰলুকিত। বেংকত ধন সুৰক্ষিত কৰাৰ বাবেহে থয়। সঘনাই কিয় এছ বি আইত ধনৰ হৰলুকি হয়। নিজৰ হাতত একাউন্টৰ তথ্যপাতি হেকাৰৰ হাতত পৰাৰ আৰত আছে নেকি ৰহস্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।